[Assam] আহক, অসমীয়া ভাষাত কম্পিউটাৰত টাইপ কৰোঁ ।
Buljit Buragohain
buluassam at yahoo.co.in
Fri Jan 21 06:14:52 PST 2011
আহক, অসমীয়া ভাষাত কম্পিউটাৰত টাইপ কৰোঁ ।
আজিৰ যুগত অসমীয়া ভাষাত কম্পিউটাৰত টাইপ কৰিব নজনাটো প্রকাৰন্তৰে নিৰক্ষৰৰ দৰেই।প্রায় সকলোৱে অসমীয়াত টাইপ কৰিবৰ বাবে অলপ আপচোচ কৰে। যাৰ বাবে অসমীয়া ভাষা ইন্টাৰনেটৰ বিশ্বত যেনে ভাবে প্রচাৰ প্রসাৰ হ'ব লাগিছিল তেনেকৈ হোৱা নাই। আহক অন্ততঃ পোন প্রথমে নিজৰ নামটো অসমীয়াত কম্পিউটাৰত টাইপ কৰি প্রথম খোজটো পেলাঁও। আপোনাৰ অকণমান পদক্ষেপে ভাষাটোক আগবাঢ়ি যোৱাত সহায়ক হ'ব।
ফেচবুকৰ "অসমীয়াত কথা বতৰা"
(http://www.facebook.com/home.php?sk=group_144539158931922&ap=1 ) গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱল অসমীয়া UNICODEত কথা বতৰা পতা/ লিখা মেলা কৰা হৈছে। কাৰোবাৰ অসমীয়া লিখাত অসুবিধা হ'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞ সমল ব্যক্তি উপলব্দ হ'ব। আহক আমি অসমীয়াত কথা বতৰা পাতোঁ ।চিৰ চেনেহী মোৰ ভাষা জননী।
(নজনাটো লাজৰ কথা নহয়, জানিবলৈ আগ্রহ নকৰাটো লাজৰ কথা। )
More information about the Assam
mailing list