[Assam] মৌচাক. ‘Mouchaq’ ( Assamese Children’s Magazine).
Buljit Buragohain
buluassam at yahoo.co.in
Mon Jun 28 22:10:55 PDT 2010
মৌচাক
‘Mouchaq’ ( Assamese
Children’s Magazine) :
http://www.mouchaq.com/
যিদৰে মৌমাখিয়ে বিভিন্ন ঠাইৰ পৰা,
বিভিন্ন ৰঙৰ, বিভিন্ন সুগন্ধৰ, বিভিন্ন
আকাৰৰ ফুলৰ পৰা মৌ সংগ্ৰহ কৰি মৌচাক সাজে, ঠিক সেইদৰে এই আলোচনী খনতো
সাহিত্যৰ বা জানিব লগা আন বিভিন্ন কথাৰ ৰস থুপ খাই থাকে আৰু শিশু সকলে তাৰ
পৰা সেইয়া আহৰণ কৰিব পাৰে| মৌচাক শিশুসকলক সমসাময়িক ঘ্টনাৰাজিৰ সৈতে পৰিচয়
কৰি দিব পৰাকৈ, তেওঁলোকৰ বাবে, তেওঁলোকৰ মানসিক উত্তৰণ ঘটাব পৰাকৈ,
জ্যেষ্ঠসকলৰ সৈতে থকা জেনেৰেচন গেপ কমাব পৰাকৈ, ল’ৰা-ছোৱালিৰ কামত অহাকৈ,
তেওঁলোকক বুজাব পৰাকৈ, তেওঁলোকৰ বাবে, তেওঁলোকৰ ভাষাতে লিখা এখন আলোচনী|
মৌচাকৰ বৈশিষ্ট এই কথাত যে যদিও ই এক শিশু আলোচনী, ইয়াক বয়ষ্ক মানুহেও একেই
উত্সাহেৰে পঢ়ে| ইয়াৰ এক অন্যতম কাৰণ হ’ল ইয়াত প্ৰয়োগ কৰা সংবাদ-সাহিত্য|
যোৱা ২৭ বছৰে, অসম আৰু চুবুৰিয়া ঠাইত মৌচাকে মৌ বিলাই আহি আজি এই ৱেবচাইটৰ
যোগেদি বিশ্ব দৰবাৰত মৌ বিলোৱাৰ প্ৰচেষ্টা চলাইছে|
ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু
শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে
শুভ-সংবাদ!
মৌচাক বৃত্তি
২৭ বৰ্ষত ভৰি দিয়া অকণিহঁতৰ আলোচনী ‘মৌচাক’-এ অসমৰ ছাত্ৰ-ছাত্ৰিসকলৰ
প্ৰতিভা বিকাশৰ অৰ্থে এলানি কাৰ্য্সূচী গ্ৰহণ কৰিচে| এই কাৰ্য্সূচীৰ ভিতৰত
আছে চতুৰ্থ শ্ৰেণীৰপৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৃত্তি পৰীক্ষা
আয়োজন কৰা| অহা ছেপ্টেম্বৰ মাহত প্ৰথম ‘মৌচাক বৃত্তি পৰীক্ষা’ অনুষ্ঠিত
হ’ব|
যোগাযোগৰ ঠিকনা
মৌচাক বৃত্তি,
মৌচাক, ডেকাগাঁও, যোৰহাট -৭৮৫ ০০৬
ফোন : (০৩৭৬) ২৩৭১৮৫১
Good News for Students, Parents and Teachers!
Mouchaq Scholarship
On its 27th year,
Children's Magazine ‘Mouchaq’ has taken up a programme for the
development of Students' talents. Under this programme, a scholarship
test among the students from Class IV-VII will be held. This test will
be help on coming September.
For Details Contact
Mouchaq Britti,
Mouchaq, Dekagaon, Jorhat - 785006
Ph: (0376) 2371851
এদিনৰ দেওবাৰ - ২০ এপ্ৰিল ২০০৮
http://www.mouchaq.com/media/mouchaq.pdf
মৌচাক
http://www.mouchaq.com/
More information about the Assam
mailing list